৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা হোণ্ডাই বাহনৰ!

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা হোণ্ডাই বাহনৰ!
ফটোঃ নিজা  সংবাদ দাতা


ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঁহবাৰীত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগেৰে অহা এখন হোণ্ডাই আই ২০ (Hyundai i20) বাহনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।এই জঘন্য দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ চালক যতীন গগৈ গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় ৰাইজ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ক্ষিপ্ৰতাৰে আহত চালকজনক উদ্ধাৰ কৰে। স্থানীয় ৰাইজৰ সহযোগত যতীন গগৈক সংকটজনক অৱস্থাত নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান চিকিৎসালয়খনত তেওঁৰ চিকিৎসা চলি থকা বুলি জানিব পৰা গৈছে।প্ৰাপ্ত তথ্য অনুসৰি, গুৰুতৰভাৱে আহত যতীন গগৈৰ ঘৰ বকিয়ালত বুলি চিনাক্ত কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে, বাহনখনৰ গতিবেগ অতি তীব্ৰ আছিল, যাৰ বাবেই চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। দুৰ্ঘটনাটোৰ ফলত বাহনখনৰো ব্যপক ক্ষতিসাধন হয়।

Post a Comment

Previous Post Next Post