![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, গোলাঘাটঃ এক উছৱমুখৰ পৰিৱেশৰ মাজত আজি খুমটাইৰ পি.এম.শ্ৰী দৰিয়া চাহ বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়খনৰ নৱাগত আদৰণি সভা আৰু বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। দৰিয়া চাহ বাগিচা খেলপথাৰৰ মুকলি মঞ্চত আয়োজিত এই অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোৰ বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁত ধৰে সহকাৰী শিক্ষক অহিউদ্দিন আহমেদে। সভাৰ আৰম্ভণিতে বিদ্যালয়খনত ২০২৬-২৭ শিক্ষাবৰ্ষত ষষ্ঠ আৰু নৱম শ্ৰেণীত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিকতাৰে উষ্ম আদৰণি জনোৱা হয়। নৱাগত আদৰণিৰ সমান্তৰালভাৱে বিদ্যালয়খনে লাভ কৰা এক গৌৰৱোজ্জ্বল সাফল্যকো এই সভাত উদযাপন কৰা হয়। ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা প্ৰথম বিভাগত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীক অনুষ্ঠানত বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰা হয়। কৃতী ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ এই সফলতাৰ বাবে বঁটা আৰু ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।
উক্ত অনুষ্ঠানত মেলামৰা মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰতীম শইকীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি এক অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে একো একোজন সুনাগৰিক হ’বলৈ আৰু মেধাৰ বিকাশ ঘটাবলৈ উৎসাহিত কৰে। সভাৰ মাজে মাজে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন আকৰ্ষণীয় নৃত্য-গীত পৰিৱেশন কৰি সমগ্ৰ অনুষ্ঠানটো জীপাল আৰু জিলিকাই তোলে।
এই বিশেষ সভাখনত দৰিয়া চাহ বাগিছাৰ জনকল্যাণ বিষয়া দিলীপ তাঁতী, কঁঠালগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰুক্মিণী ৰজক, আটছা কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক ৰাবুল তুৰী, খুমটাই শাখা আইছাৰ সভাপতি সুমিত দীপ আৰু বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত চাউৰাকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক আশীৰ্বাদ প্ৰদান কৰে।
