![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, ৰঙাজানঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি গোলাঘাটৰ ৰঙাজানতো বতাহ-ধুমুহাই তীব্ৰ তাণ্ডৱ সৃষ্টি কৰে। বিয়লি ভাগত অহা প্ৰচণ্ড ধুমুহাৰ ফলত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানত এজোপা প্ৰকাণ্ড গছ উভালি পথৰ মাজত বাগৰি পৰে। ব্যস্ততম ঘাইপথটোৰ সোঁমাজতে প্ৰকাণ্ড গছজোপা বাগৰি পৰাৰ ফলত তাৎক্ষণিকভাৱে পথটোৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। এই পথ অৱৰোধৰ ফলত পথৰ দুয়োকাষে শ শ বাহন আৱদ্ধ হৈ এক তীব্ৰ যানজঁটৰ সৃষ্টি হয়। আনকি এখন জৰুৰীকালীন সেৱা আগবঢ়োৱা এম্বুলেন্সো দীৰ্ঘসময় ধৰি পথৰ মাজতে আৱদ্ধ হৈ পৰিবলগীয়া হয়।
ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ লোক ঘটনাস্থলিত উপস্থিত হয়। বৰ্তমান স্থানীয় ৰাইজ আৰু প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে যন্ত্ৰৰ সহায়ত প্ৰকাণ্ড গছজোপা কাটি পথৰ পৰা আঁতৰাই যান-বাহন চলাচল স্বাভাৱিক কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
