![]() |
| ফটোঃ সামাজিক মাধ্যমৰ সৌজন্যত |
ডিজিটেল ডেস্কঃ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ বুধবাৰে পুৱা দেহাৱসান ঘটে। গুৱাহাটীত থকা চিকিৎসালয়ত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বুধবাৰে পুৱা প্ৰায় ৬:২০ বজাত ৯৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে।
পৰিয়ালৰ সূত্ৰই জনোৱা মতে, বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল প্ৰিয়দা গগৈ। চিকিৎসাধীন অৱস্থাতে আজি পুৱা তেওঁ ইহলীলা সম্বৰণ কৰে।
উল্লেখ্য যে, যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাটৰ স্থায়ী বাসিন্দা প্ৰিয়দা গগৈৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা তেওঁৰ জন্মভূমি চেলেংহাটলৈ লৈ যোৱা হ’ব। তাতেই পৰিয়ালৰ লোক, আত্মীয় আৰু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।
প্ৰিয়দা গগৈ কেৱল এজন ৰাজনৈতিক নেতাৰ মাতৃয়েই নাছিল, বৰঞ্চ অসমৰ জাতীয় আন্দোলন আৰু সংগ্ৰামৰো এক পৰিচিত মুখ আছিল। পুত্ৰ অখিল গগৈ কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত বৰ্ধিত বয়স আৰু অসুস্থতাক নেওচি তেওঁ পুত্ৰৰ মুক্তিৰ বাবে অনশনত বহাৰ লগতে শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰতো নামি পৰিছিল, যিয়ে সমগ্ৰ ৰাজ্যবাসীক আৱেগিক কৰি তুলিছিল।
প্ৰিয়দা গগৈৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল-সংগঠন, সমাজকৰ্মী আৰু শুভাকাংক্ষীসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
