![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, মেৰাপানীঃ স্মাৰকপত্ৰ প্ৰদানৰ ২৪ ঘণ্টাৰ ভিতৰতে মেৰাপানীৰ কৃষক ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা আৰু দুৰ্দশাৰ অন্ত পেলাবলৈ এইবাৰ তৎপৰ হৈ পৰিছে জিলা কৃষি বিভাগ। একাধিক দল-সংগঠনৰ হেঁচা আৰু স্মাৰকপত্ৰ প্ৰদানৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে মঙ্গলবাৰে কৃষি বিভাগৰ উন্নয়ন বিষয়া উৰ্মি ফুকনৰ নেতৃত্বত এটা দলে মেৰাপানীৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত এক ক্ষেত্ৰভিত্তিক পৰিদৰ্শন চলায়।
উল্লেখ্য যে, মেৰাপানীৰ কৃষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত যোৱা সোমবাৰে কেইবাটাও দল-সংগঠনৰ এক সন্মিলিত কৃষক প্ৰতিনিধি দলে গোলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এক স্মাৰকপত্ৰ প্ৰদান কৰিছিল। উক্ত স্মাৰকপত্ৰত মেৰাপানীত এক স্থায়ী কৃষি বিপণন কেন্দ্ৰ স্থাপন কৰা, উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থন মূল্য নিশ্চিত কৰা, ক্ষতিগ্ৰস্ত কৃষকৰ বাবে বিশেষ আৰ্থিক সহায় পেকেজ ঘোষণা, শীতলীকৰণ ভঁৰাল ব্যৱস্থা কৰা আৰু কৃষি ঋণৰ সুদ ৰেহাই দিয়াৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা হৈছিল।
স্মাৰকপত্ৰ প্ৰদানৰ ঠিক এদিন পিছতেই, আজি গোলাঘাট জিলা কৃষি বিভাগৰ কৃষি উন্নয়ণ বিষয়া উৰ্মি ফুকনৰ নেতৃত্বত এটা চৰকাৰী দল মেৰাপানীত উপস্থিত হয়। বিষয়াগৰাকীয়ে মেৰাপানীৰ কেইবাটাও প্ৰান্তৰ পথাৰলৈ গৈ ক্ষতিগ্ৰস্ত কৃষকসকলৰ সৈতে পোনপটীয়াভাৱে বাৰ্তালাপ কৰে। দলটোৱে বিভিন্ন কৃষিপাম পৰিদৰ্শন কৰি কৃষকসকলৰ লোকচানৰ প্ৰকৃত পৰিমাণ নিৰূপণ কৰাৰ বাবে এক চৰকাৰী জৰীপ কাৰ্যসূচী চলায়।
প্ৰশাসনৰ এই ক্ষিপ্ৰ পদক্ষেপক মেৰাপানীৰ কৃষক সমাজে আদৰণি জনাইছে। জিলা কৃষি বিভাগে চলোৱা এই চৰকাৰী জৰীপে অনাগত দিনত কৃষকসকলক প্ৰাপ্য ক্ষতিপূৰণ আৰু চৰকাৰী সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশাবাদী হৈ পৰিছে স্থানীয় ভুক্তভোগী কৃষক ৰাইজ।
