![]() |
| প্ৰতিনিধিত্ব মূলক ফটোঃসৌজন্য Internet |
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণ অহা কাইলৈ অৰ্থাৎ ৫ জুন ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলৈ গৈ আছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে নিজেই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, কাইলৈ দুপৰীয়া ঠিক ১২:৪৫ বজাত অসম বিধানসভাৰ ১২ গৰাকী মাননীয় সদস্যই নতুন কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি নতুন কেবিনেটত স্থান লাভ কৰা মন্ত্ৰীসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল:
১/ অশ্বিনী ৰয় সৰকাৰ
২/ অশোক সিংহল
৩/ বিমল বড়া
৪/ বিশ্বজিৎ দৈমাৰী
৫/ জয়ন্ত মল্লবৰুৱা
৬/ কৌশিক ৰায়
৭/ কেশৱ মহন্ত
৮/ কৃষ্ণেন্দু পাল
৯/ নীলিমা দেৱী
১০/ পীয়ূষ হাজৰীকা
১১/ ডাঃ ৰণোজ পেগু
১২/ সুশান্ত বৰগোহাঁই
শুক্ৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপালৰ উপস্থিতিত এই নতুন মন্ত্ৰীসকলে পদ আৰু গোপনীয়তাৰ শপত ল’ব। শপত গ্ৰহণ অনুষ্ঠানৰ পিছতেই নতুন মন্ত্ৰীসকলৰ মাজত দপ্তৰসমূহ আবণ্টন কৰা হ’ব বুলি জানিব পৰা গৈছে।
