![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, খুমটাইঃ খুমটাইত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শতাধিক উত্তেজিত জনতাই খুমটাই আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
ঘটনাৰ বিৱৰণি অনুসৰি, খুমটাইৰ নতুনমাটিৰ ৰাজ কালিন্দী নামৰ এজন যুৱক বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰাৰ পাছতো খুমটাই আৰক্ষীয়ে যুৱকজনক বিচাৰি উলিয়াবলৈ কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষী প্ৰশাসনৰ এই চৰম ব্যৰ্থতাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় অঞ্চলটোৰ শ শ ৰাইজ। আজি ক্ষুব্ধ পুৰুষ-মহিলাসকলে একগোট হৈ খুমটাই আৰক্ষী চকীৰ সন্মুখত উপস্থিত হয় আৰু চকী ঘেৰাও কৰি প্ৰতিবাদ আৰম্ভ কৰে। প্ৰতিবাদকাৰীসকলে আৰক্ষী প্রশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। তেওঁলোকে অতি শীঘ্ৰে নিৰুদ্দিষ্ট ৰাজ কালিন্দীৰ সন্ধান উলিয়াবলৈ দাবী জনাইছে।
