![]() |
| ফটোঃ নিজা সংবাদ দাতা |
ডিজিটেল সংবাদ, বোকাখাতঃ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখ্যনীয় অৱদান আগবঢ়াই অহা বোকাখাতৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান 'গ্রাছ'-এ ২০২৬ বৰ্ষৰ বাবে নিজৰ বাৰ্ষিক বঁটাসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। বিগত ১১ বছৰে স্বাস্থ্য, শিক্ষা, ক্ৰীড়া, পৰিৱেশ সংৰক্ষণ আৰু সমাজ কল্যাণৰ দিশত কাম কৰি অহা অনুষ্ঠানটোৰ চলিত বৰ্ষৰ বঁটা প্ৰাপকসকলৰ নাম সভাপতি অংকুৰ বৰঠাকুৰ আৰু সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই এক বিবৃত্তিযোগে ৰাজহুৱা কৰে। এইবাৰ ঘোষিত হোৱা বঁটাসমূহ আৰু বঁটা প্ৰাপকসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল:
গ্ৰাছ পৰিৱেশ সুৰক্ষা বঁটা (মহীচন্দ্ৰ মিৰি সোঁৱৰণি)ঃ বন্যপ্ৰাণী আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে অহৰহ কাম কৰি অহা ডিগবৈৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী দেৱজিৎ মৰাণলৈ এই ৰাজ্যিক পৰ্যায়ৰ বঁটাটি আগবঢ়োৱা হৈছে।
গ্ৰাছগ্ৰীণ এৱাৰ্ড (ধনিল বৰঠাকুৰ সোঁৱৰণি): পৰিৱেশ সেউজকৰণ আৰু স্বচ্ছতাৰ সজাগতা সৃষ্টিত ব্ৰতী কাকডোঙা চুমনি গাঁৱৰ দেৱজিৎ গগৈক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। গগৈয়ে বিগত সময়ছোৱাত ৫০০ৰো অধিক বৰগছ ৰোপণ কৰাৰ লগতে সাচি গছৰ খেতিৰ জৰিয়তে সজাগতা সভা চলাই আহিছে।
গ্ৰাছ ৱমেন এৱাৰ্ড (নুমলী হাজৰিকা সোঁৱৰণি): নাৰী সবলীকৰণৰ দিশত কাম কৰি ১ নং বহিখোৱা গাঁৱৰ বহু মহিলাক বোৱা-কটা শিল্পৰ জৰিয়তে স্বাৱলম্বী কৰি তোলা জানমণি দলেক এই বঁটা প্ৰদান কৰা হ’ব।
গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড (কমলেশ্বৰ বৰা সোঁৱৰণি): কৃষি কৰ্মৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো কৰ্মসংস্থাপনৰ বাট দেখুওৱা কমাৰগাঁও বৰপাক গাঁৱৰ আদৰ্শ খেতিয়ক যতিন শইকীয়াই লাভ কৰিছে এই সন্মান।
সমাজ শুভানুধ্যায়ী বঁটা (কামাখ্যা প্ৰসাদ সোণাৰী সোঁৱৰণি): সাহিত্য-সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা বোকাখাতৰ বিশিষ্ট ব্যক্তি শৰৎ ৰঞ্জন শৰ্মাক এই বঁটাৰে সন্মানিত কৰা হ’ব।
সমাজ উদ্যমিতা বঁটা: নুমলীগড় তেল শোধনাগাৰৰ (NRL) জ্যেষ্ঠ মহাপ্ৰৱন্ধক মিন্টু সন্দিকৈলৈ আগবঢ়োৱা হৈছে এই বিশেষ বঁটাটি।
'গ্ৰাছ' কৰ্তৃপক্ষই জনোৱা মতে, অহা জুন মাহৰ শেষৰফালে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰি নিৰ্বাচিত ব্যক্তিসকলক এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।
