![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, মাজুলীঃ অসমীয়া সমাজ আৰু সত্ৰীয়া সংস্কৃতিৰ বাবে এক সোণালী তথা ঐতিহাসিক মুহূৰ্ত। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বাজিব অসমৰ বৈষ্ণৱ সংস্কৃতিৰ জয়ধ্বনি। ব্ৰিটিছ সংসদৰ ১৫ নম্বৰ গৃহত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বিশেষ বক্তৃতা প্ৰদান কৰিব মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে।
লণ্ডনস্থিত এটা অসমীয়া সংগঠনৰ বিশেষ উদ্যোগত আয়োজন কৰা এই ব্যতিক্ৰমী অনুষ্ঠানৰ জৰিয়তে বিশ্ব দৰবাৰলৈ যাব অসমৰ সত্ৰীয়া সংস্কৃতি। ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ বিশেষ গৃহত প্ৰথমবাৰৰ বাবে প্ৰতিধ্বনিত হ’ব মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ অমৰ সৃষ্টিৰ কথা। এই বিশেষ সভাত ব্ৰিটেইনৰ প্ৰায় ৬২ গৰাকীকৈ সংসদ সদস্য উপস্থিত থাকিব। অনুষ্ঠানটোৰ মূল সঞ্চালনা কৰিব ব্ৰিটেইনৰ মুখ্য সাংসদ বব নামৰ এগৰাকী সাংসদে।
লণ্ডনৰ সময় অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই দুঘণ্টাৰ কাৰ্যসূচীত কেৱল বক্তৃতাই নহয়, প্ৰদৰ্শিত হ’ব অসমৰ সত্ৰীয়া নৃত্য-গীতো। কাৰ্যসূচী অনুসৰি আধা ঘণ্টা সময় সত্ৰাধিকাৰগৰাকীৰ ভাষণৰ বাবে আৰু আধা ঘণ্টা সময় অনুষ্ঠানৰ উপস্থাপনৰ বাবে ধাৰ্য কৰা হৈছে। বাকী এঘণ্টা সময় ব্ৰিটিছ সাংসদসকলৰ সমুখত সত্ৰীয়া সংস্কৃতিৰ বাৰেৰহণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব, য’ত এক প্ৰশ্নোত্তৰ শিতানো অন্তৰ্ভুক্ত থাকিব।
এই ঐতিহাসিক সাফল্যক নিজৰ নহয়, বৰঞ্চ সমগ্ৰ অসমবাসী আৰু সত্ৰীয়া সংস্কৃতিৰ জয়যাত্ৰা বুলি অভিহিত কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰিছে সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে। বিশ্ববাসীৰ সন্মুখত বৈষ্ণৱ পণ্ডিতগৰাকীৰ এই জয় যাত্ৰাক লৈ বৰ্তমান মাজুলী ধৰি সমগ্ৰ অসমৰে ৰাইজে ব্যাপক আনন্দ প্ৰকাশ কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে।
