![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, নগাঁওঃ উৎকট গৰমে এতিয়া সৰ্বসাধাৰণ ৰাইজক দহিছে। ইয়াৰ মাজতে আজি নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰীত এক অনাকাংক্ষিত ঘটনা সংঘটিত হয়। অঞ্চলটোৰ শিঙিমাৰী মঃ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী শ্ৰেণীকোঠাতে উৎকট গৰম সহ্য কৰিব নোৱাৰি হঠাৎ অসুস্থ হৈ পৰে।
ছাত্ৰীগৰাকী হঠাত্ সংজ্ঞাহীন হৈ পৰাৰ লগে লগে বিদ্যালয়খনৰ শিক্ষকসকল আৰু স্থানীয় সংবাদকৰ্মী আবুল বাশ্বাৰে ক্ষিপ্ৰতাৰে কোনো পলম নকৰি অসুস্থ ছাত্ৰীগৰাকীক তত্কালীনভাৱে শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় আৰু তাত ভৰ্তি কৰোৱায়। ইয়াৰ সমান্তৰালভাৱে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোককো ঘটনা সন্দৰ্ভত অৱগত কৰা হয়। সময়মতে পোৱা চিকিৎসাৰ বাবে বৰ্তমান ছাত্ৰীগৰাকীৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।
ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা এনে গৰমৰ পৰিপ্ৰেক্ষিতত এতিয়া বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাক লৈ অভিভাৱকসকল চিন্তিত হৈ পৰিছে।
