![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, মেৰাপানীঃ বহিঃৰাজ্যলৈ উপাৰ্জনৰ বাবে গৈ হাউৰা ৰেল ষ্টেচনৰ পৰাই সন্ধানহীন হৈছে গোলাঘাট জিলাৰ মেৰাপানীৰ এজন যুৱক। গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ২নং নৱজ্যোতি গাঁৱৰ ৪২ বছৰীয়া বাবুল বৰা নামৰ লোকজন যোৱা ৯ দিনে সন্ধানহীন হৈ থকা ঘটনাই দৰিদ্ৰ পৰিয়ালটোলৈ ঘোৰ অন্ধকাৰ নমাই আনিছে। ৪ টা সন্তানৰ পিতৃ বাবুল বৰাৰ কোনো সম্ভেদ নোপোৱাত এতিয়া চিন্তাত ভাঙি পৰিছে পৰিয়ালটো।
পৰিয়ালৰ সূত্ৰই জনোৱা মতে, যোৱা ২৯ মে’ শুকুৰবাৰে বাবুল বৰাই কাছমাৰী অঞ্চলৰ কেইজনমান যুৱকৰ সৈতে বাংগালুৰুলৈ কাম কৰিবৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। যাত্ৰাপথত যোৱা ১ জুন সোমবাৰে বিয়লি ভাগত তেওঁলোকে পশ্চিম বংগৰ হাউৰা ষ্টেচন পাইছিলগৈ। হাউৰা ষ্টেচন পোৱালৈকে পৰিয়ালৰ সৈতে বাবুল বৰাৰ যোগাযোগ আছিল। কিন্তু হঠাত্ শাৰীৰিক অসুস্থতা অনুভৱ কৰাৰ বাবে তেওঁ ৰেলৰ পৰা নামি দিয়া বুলি মোবাইল ফোনযোগে পৰিয়ালক জনাইছিল।
ফোন কৰাৰ কিছু সময়ৰ পিছৰে পৰাই বাবুল বৰাৰ সৈতে পৰিয়ালৰ যোগাযোগ সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰে। ইফালে তেওঁৰ সৈতে যোৱা লগৰীয়া যুৱক কেইজনে হাউৰা ষ্টেচনত বহু বিচাৰ-খোচাৰ কৰে যদিও বাবুল বৰাৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম নহ’ল। এই ঘটনাই এতিয়া মেৰাপানীৰ ২নং নৱজ্যোতি গাঁৱত শোকৰ ছাঁ পেলাইছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত চিন্তিত পৰিয়ালৰ লোকে ইতিমধ্যে মেৰাপানী আৰক্ষী থানাত এক নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে। ৰাজ্যৰ ভিতৰে-বাহিৰে কোনো হৃদয়বান লোকে যদি এই ব্যক্তিগৰাকীৰ কিবা সম্ভেদ লাভ কৰে, তেন্তে 6900431386 নতুবা 7086251235 নম্বৰত অথবা স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা কাতৰ অনুৰোধ জনোৱা হৈছে।
