বোকাখাতত বৃহৎ পৰিমাণৰ গুৰ জব্দ, এজনক গ্ৰেপ্তাৰ

বোকাখাতত বৃহৎ পৰিমাণৰ গুৰ জব্দ, এজনক গ্ৰেপ্তাৰ
ফটোঃ গোলাঘাট আৰক্ষী


ডিজিটেল ডেস্কঃ বোকাখাতত বৃহৎ পৰিমাণৰ গুৰ জব্দ, এজনক গ্ৰেপ্তাৰ। বোকাখাতত আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত শনিবাৰে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে স্থানীয় কাৰ্যবাহী দণ্ডাধীশ আৰু আবকাৰী বিভাগৰ বিষয়াবৰ্গৰ সহযোগত বোকাখাত থানাৰ অন্তৰ্গত এক অঞ্চলত তীব্ৰ অভিযান চলায়।

অভিযানকাৰী দলটোৱে বোকাখাতৰ এটা গুডামত তালাচী চলাই ২১৫৬ কিলোগ্ৰাম (প্ৰায় ২১ কুইন্টলতকৈ অধিক) গুৰ জব্দ কৰিবলৈ সক্ষম হয়। বে-আইনী সুৰা প্ৰস্তুতকৰণৰ বাবে এই বৃহৎ পৰিমাণৰ গুৰ জমা কৰি থোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে থিতাতে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। 

ধৃত লোকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি তাৰ অনুসন্ধান অব্যাহত ৰাখিছে। ইতিমধ্যে ধৃত লোকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি প্ৰশাসনে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

Post a Comment

Previous Post Next Post