ভাৰতৰ পৰা জুন মাহত পুনৰ ৮,০০০ টন ডিজেল আমদানি কৰিব বাংলাদেশেঃ আমন খেতিৰ বাবে অসমৰ নুমলীগড়ৰ পৰা যাব ইন্ধন

ভাৰতৰ পৰা জুন মাহত পুনৰ ৮,০০০ টন ডিজেল আমদানি কৰিব বাংলাদেশেঃ আমন খেতিৰ বাবে অসমৰ নুমলীগড়ৰ পৰা যাব ইন্ধন
ফটোঃ দিলশিৰি


ডিজিটেল ডেস্কঃ  চলিত জুন মাহত চুবুৰীয়া দেশ ভাৰতৰ পৰা ৮,০০০ টন শোধিত ডিজেল আমদানি কৰাৰ এক বৃহৎ পৰিকল্পনা গ্ৰহণ কৰিছে বাংলাদেশে। মূলত দেশখনৰ চলিত আমন ধানৰ বতৰত জলসিঞ্চনৰ চাহিদা পূৰণ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি জনা গৈছে। ইয়াৰ পূৰ্বে বাংলাদেশে ভাৰতৰ পৰা এপ্ৰিল মাহত ২৫,০০০ টন, মাৰ্চ মাহত ১০,০০০ টন আৰু মে’ মাহত ৮,০০০ টন শোধিত ডিজেল আমদানি কৰিছিল।

বাংলাদেশৰ অগ্ৰণী তেল প্ৰতিষ্ঠান ‘মেঘনা পেট্ৰ’লিয়াম লিমিটেড’ৰ উপ-প্ৰবন্ধক (কাৰ্যবাহী) মহম্মদ হাবিবুৰ ৰহমানে সংবাদ প্ৰতিষ্ঠান বিএছএছ (BSS)ক জনোৱা মতে, "চৰকাৰে চলিত জুন মাহৰ আমন খেতিৰ বতৰত ৮,০০০ টন ডিজেল আমদানি কৰাৰ লক্ষ্য স্থিৰ কৰিছে।"তেওঁ জানিবলৈ দিয়ে যে মে' মাহৰ ইন্ধনৰ চালানখিনি অসমৰ নোমলগড় ৰিফাইনেৰী লিমিটেড (NRL)ৰ পৰা পাইপলাইনৰ জৰিয়তে বাংলাদেশৰ পাৰ্বতীপুৰ ডিপোলৈ দুটা পৰ্যায়ত সফলতাৰে প্ৰেৰণ কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ বিশেষকৈ উত্তৰ-পশ্চিম অঞ্চলত জলসিঞ্চনৰ বতৰত ডিজেলৰ চাহিদা ব্যাপকভাৱে বৃদ্ধি পায়। বিষয়া পৰ্যায়ৰ তথ্য মতে, চলিত বৰ্ষত আমন শস্যৰ জলসিঞ্চন প্ৰক্ৰিয়া সুকলমে চলাই নিবলৈ প্ৰতি সপ্তাহত প্ৰায় ২,০০০ টনকৈ পেট্ৰ’লিয়াম ইন্ধনৰ প্ৰয়োজন হ’ব। 

ভাৰতৰ পৰা ডিজেল আমদানি কৰা কাৰ্যটোক এক নিয়মীয়া আৰু নিৰন্তৰ প্ৰক্ৰিয়া বুলি অভিহিত কৰি বিষয়াগৰাকীয়ে কয় যে বাংলাদেশে ২০২১ চনৰ পৰাই ভাৰতৰ অসমত অৱস্থিত নুমলীগড় শোধনাগাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় পাইপলাইনৰ জৰিয়তে শোধিত পেট্ৰ’লিয়াম তেল আমদানি কৰি আহিছে। এই যোগানে বাংলাদেশৰ কৃষি খণ্ডক বিশেষভাৱে সকাহ দিছে।


(উৎসঃ "বাংলাদেশৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান বিএছএছ (BSS)ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে...")

Post a Comment

Previous Post Next Post