![]() |
| ফটোঃ নিজা সংবাদ দাতা |
ডিজিটেল সংবাদ, সোণাৰীঃ চৰাইদেউ জিলাক প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ কৰি তুলি পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে এক নীৰৱ বিপ্লৱ অব্যাহত ৰাখিছে এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱকে। তেওঁ হ’ল অনুপ পাটকাই। সোণাৰু, কাঞ্চন আৰু কৃষ্ণচূড়া ফুলৰ ৰঙেৰে ঐতিহাসিক চৰাইদেউৰ আকাশ ৰঙীন কৰি তোলাৰ এক অপূৰ্ব সপোন বুকুত বান্ধি ২০১৯ চনৰে পৰা তেওঁ এই প্ৰয়াস চলাই আহিছে।
যোৱা কেইবা বছৰ ধৰি অনুপ পাটকায়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পথৰ দাঁতিত হেজাৰ হেজাৰ সোণাৰু, কাঞ্চন আৰু কৃষ্ণচূড়া গছৰ পুলি ৰোপণ কৰাৰ লগতে সেইবোৰৰ সুন্দৰ প্ৰতিপালন কৰি আহিছে। চৰাইদেউবাসীৰ সৰ্বাত্মক সহযোগত চলাই নিয়া এই প্ৰয়াসৰ ফল এতিয়া ফলিয়াবলৈ আৰম্ভ কৰিছে। পূৰ্বে ৰোপণ কৰা গছসমূহত এতিয়া ফুল প্ৰস্ফুটিত হ’বলৈ ধৰিছে, যাৰ ফলত পথচাৰীৰ বাবে ই এক নয়নজুৰোৱা পৰিৱেশৰ সৃষ্টি কৰিছে।
শেহতীয়াকৈ মাহমৰা বিধানসভা সমষ্টিৰ পাটসাঁকোৰ পৰা টিংখং সমষ্টিৰ পিঠাগুটিলৈকে নিৰ্মাণ কৰা সুদীৰ্ঘ পথছোৱাত অনুপ পাটকায়ে স্থানীয় ৰাইজক একত্ৰিত কৰি ব্যাপক হাৰত সোণাৰু, কাঞ্চন আৰু কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰিছে। এই নতুন পথছোৱাক ফুলৰ সৰগ কৰি তুলিবলৈ স্থানীয় ৰাইজেও স্বতঃস্ফূৰ্তভাৱে উলাই আহি তেওঁক সহায়ৰ হাত আগবঢ়াইছে।
কেৱল চৰকাৰী আঁচনিলৈ বাট নোচাই এজন সাধাৰণ নাগৰিকে নিজৰ জিলাখনক ধুনীয়া কৰিবলৈ লোৱা এই পদক্ষেপক এতিয়া সমগ্ৰ চৰাইদেউবাসীয়ে একমুখে প্ৰশংসা কৰিছে। স্থানীয় ৰাইজে অনুপ পাটকাইৰ এই কৰ্মক চেলুট জনোৱাৰ লগতে অনাগত প্ৰজন্মৰ বাবে এক সুস্থ আৰু সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ জিলাখনৰ প্ৰতিগৰাকী সচেতন নাগৰিকক এনেধৰণৰ বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
