কলঙৰ বুকুত ভূ-মাফিয়াৰ তাণ্ডৱঃ প্ৰশাসনৰ নীৰৱতাক লৈ উত্তাল পুৰণিগুদাম

কলঙৰ বুকুত ভূ-মাফিয়াৰ তাণ্ডৱঃ প্ৰশাসনৰ নীৰৱতাক লৈ উত্তাল পুৰণিগুদাম
ফটো ঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, নগাঁওঃ কলঙৰ বুকুত ভূ-মাফিয়াৰ তাণ্ডৱ। পুৰণিগুদামৰ কাষৰি গাঁও, আউনীআটী আদি অঞ্চলত কলং নদীৰ পাৰত দিনে-নিশাই জেচিবি লগাই একাংশই চলাই গৈছে খনন কাৰ্য।  নগাঁও জিলাৰ পুৰণিগুদামৰ কলংপৰীয়া ৰাইজ এক তীব্ৰ অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে। 

এফালে যদি প্ৰাকৃতিক দুৰ্যোগ, আনফালে মানৱসৃষ্ট ধ্বংসলীলা। বৰ্তমান  কলং সুঁতিৰ তীব্ৰ গৰাখহনীয়াই অঞ্চলটোৰ ঐতিহাসিক কঢ়ালী গাঁৱৰ শিৱমন্দিৰ ভাগৰ বিস্তৰ ক্ষতি সাধন কৰাৰ পাছতো এতিয়াও সাৰ পোৱা নাই একাংশ ভূ-মাফিয়া আৰু জিলা প্ৰশাসন। 

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, কলং সুঁতিয়ে পুৰণিগুদামৰ কঢ়ালী গাঁও, কলংপাৰ হালোৱা গাঁও, কাষৰি গাঁও আদিত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰি সমগ্ৰ অঞ্চলটোলৈ বিপদ মাতি আনিছে। কিন্তু এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো একাংশ লোভী ভূ-মাফিয়াই কলঙৰ পাৰৰ ভূমি অবৈধভাৱে খনন কৰি মাটি বিক্ৰীৰ ৰমৰমীয়া বেহা চলাই আহিছে।

প্ৰাপ্ত তথ্য মতে, পুৰণিগুদামৰ কাষৰি গাঁও, আউনীআটী আদি অঞ্চলত দিনে-নিশাই জেচিবি লগাই কলঙৰ পাৰৰ বৃহৎ ভূমি খান্দি থকা হৈছে। নদীৰ পাৰৰ মাটি এনেদৰে কাঢ়ি নিয়াৰ ফলত অনাগত দিনত গৰাখহনীয়াৰ মাত্ৰা আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনাই দেখা দিছে। ইয়াৰ ফলত সমগ্ৰ কলংপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তি এতিয়া চৰম বিপদৰ মুখলৈ ঠেলি দিয়া হৈছে। 

আশ্চৰ্যজনক কথাটো হ’ল, চকুৰ সমুখতে নদীৰ বুকু উদং কৰি এইদৰে অবৈধ খনন কাৰ্য চলি থকাৰ পাছতো নগাঁও বন বিভাগ তথা স্থানীয় প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। প্ৰশাসনৰ এই "কুম্ভকৰ্ণ নিদ্ৰা"ক লৈ এতিয়া সমগ্ৰ পুৰণিগুদাম অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিপদাপন্ন কলংপৰীয়া ৰাইজে এতিয়া জিলা প্ৰশাসন আৰু চৰকাৰক অনতিপলমে এই অবৈধ মাটিৰ খনন বন্ধ কৰিবলৈ দাবী জনাইছে। অন্যথা ঐতিহাসিক পুৰণিগুদামৰ কেইবাখনো গাঁও কলঙৰ বুকুত বিলীন হৈ যোৱাৰ আশংকাই দেখা দিছে।

Post a Comment

Previous Post Next Post