![]() |
| ইমেজ ক্ৰেডিট: প্ৰতিনিধিত্বমূলক ছবি |
ডিজিটেল সংবাদ, জামুগুৰিঃ গোলাঘাট জিলাৰ জামুগুৰিত মঙ্গলবাৰে নিশা সংঘটিত হয় এক জঘন্য তথা চাঞ্চল্যকৰ ঘটনা। জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নোগোৰা গাঁৱত এটা দুৰ্বৃত্তই একেটা পৰিয়ালৰে চাৰিজনকৈ সদস্যক চোকা অস্ত্ৰৰে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে, একে গাঁৱৰে ঋতুপৰ্ণ হাজৰিকা ওৰফে ধন নামৰ এজন লোকজনৰ বিৰুদ্ধে এই ভয়ংকৰ আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নামঘৰৰ ভাওনা সন্দৰ্ভত ৰিতুপৰ্ণৰ সৈতে মতানৈক্য হৈছিল বিতুল দত্ত, বিজন কৃষ্ণ দত্তৰ। এই কথাতেই অভিযুক্ত ঋতুপৰ্ণই হঠাতে চোকা অস্ত্ৰ লৈ পৰিয়ালটোৰ ওপৰত জপিয়াই পৰে আৰু পৰিয়ালটোৰ ক্ৰমে বিতুল দত্ত, ইলামণি শইকীয়া, বিজন কৃষ্ণ দত্ত, কমলাক্ষী শইকীয়াসহ চাৰিজনকৈ লোকক উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।
আক্ৰমণৰ ফলত ৰক্তাক্ত হৈ পৰা চাৰিওগৰাকী ভুক্তভোগীক স্থানীয় ৰাইজৰ সহায়ত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে জামুগুৰি আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰাৰ পিছতেই জামুগুৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে অভিযুক্ত ঋতুপৰ্ণ হাজৰিকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি জনা গৈছে।
