নগাঁৱত ১ কেজি গাঞ্জাসহ বৃদ্ধা গ্ৰেপ্তাৰ!

নগাঁৱত ১ কেজি গাঞ্জাসহ বৃদ্ধা গ্ৰেপ্তাৰ!
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, নগাঁওঃ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থকা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানৰ অংশ হিচাপে আজি ৰূপহীহাট আৰু কাৱৈমাৰী আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। এক গোপন সূত্ৰৰ পম খেদি চলোৱা যুটীয়া অভিযানত বুজন পৰিমাণৰ গাঞ্জাসহ এগৰাকী বৃদ্ধা মহিলাক আটক কৰা হয়। আটক কৰা মহিলাগৰাকীক মমতাজ বেগম বুলি চিনাক্ত কৰা হৈছে। 

প্ৰাপ্ত তথ্য অনুসৰি, কাৱৈমাৰী বজাৰস্থিত মমতাজ বেগমৰ বাসগৃহত দীৰ্ঘদিন ধৰি নিষিদ্ধ গাঞ্জাৰ অবৈধ ব্যৱসায় চলি থকা বুলি আৰক্ষীয়ে এক গোপন খবৰ লাভ কৰিছিল। এই তথ্যৰ আধাৰত ৰূপহীহাট আৰক্ষী আৰু কাৱৈমাৰী আৰক্ষীৰ এটা দলে মমতাজ বেগমৰ ঘৰত হঠাত্‍ এক অভিযান চলায়।  তালাচী কালত মহিলাগৰাকীৰ ঘৰৰ পৰা ১ কেজি ০৭ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো। 

স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে, মমতাজ বেগম নামৰ এই বৃদ্ধা মহিলাগৰাকী বহু দিনৰ পৰাই এই নিষিদ্ধ গাঞ্জা ব্যৱসায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। বৃদ্ধা হোৱাৰ সুযোগ লৈ তেওঁ দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুৰ ধূলি দি অতি গোপনে এই ক’লা ব্যৱসায় চলাই আহিছিল। 

সম্প্ৰতি কাৱৈমাৰী আৰক্ষীয়ে জব্দকৃত গাঞ্জাখিনি নিজৰ জিম্মাত লোৱাৰ লগতে আটক কৰা বৃদ্ধা মহিলা মমতাজ বেগমক অধিক সোধাপোছাৰ বাবে ৰূপহীহাট থানালৈ লৈ গৈছে। এই অবৈধ ব্যৱসায়ৰ সৈতে আন কোনো আন্তঃজিলা চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post