মন্ত্ৰীত্বৰ পৰা বঞ্চিত আৰু জনজাতিকৰণৰ দাবীত মৰাণ-মটক সংগঠনৰ তীব্ৰ প্ৰতিবাদঃ ৪৮ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ

মন্ত্ৰীত্বৰ পৰা বঞ্চিত আৰু জনজাতিকৰণৰ দাবীত মৰাণ-মটক সংগঠনৰ তীব্ৰ প্ৰতিবাদঃ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, তিনিচুকীয়াঃ মৰাণ আৰু মটক জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা শদিয়াৰ বিধায়ক বলিন চেতিয়াক শেহতীয়া কেবিনেট সম্প্ৰসাৰণত মন্ত্ৰীত্ব প্ৰদান নকৰা আৰু দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী পূৰণ নকৰাৰ প্ৰতিবাদত তিনিচুকীয়াত মৰাণ-মটক সংগঠনৰ তীব্ৰ ।  শুক্ৰবাৰৰ পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ৪৮ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধই সৰ্বাত্মক প্ৰভাৱ পেলাইছে। 

বিশেষকৈ তিনিচুকীয়া জিলাত এই বন্ধৰ প্ৰভাৱ তীব্ৰতৰ হোৱা দেখা গৈছে। বন্ধৰ সমৰ্থনত দুই জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ কৰ্মীসকলে পুৱাৰে পৰা ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে। বন্ধৰ ফলত যান-বাহন চলাচল প্ৰায় বন্ধ হৈ পৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো বন্ধ থাকে।

ক্ষোভিত প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে স্বাধীনতাৰ ৭৯ বছৰ অতিক্ৰম কৰাৰ পাছতো মৰাণ আৰু মটক জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিধায়কক মন্ত্ৰীত্বৰ পৰা বঞ্চিত কৰা হৈছে। দুই জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা স্বৰূপ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো চৰকাৰে ওলোমাই ৰখাৰ বাবে এতিয়া জনগোষ্ঠী দুটাৰ মাজত প্ৰচণ্ড ক্ষোভে বিৰাজ কৰিছে। চৰকাৰৰ এই বৈষম্যমূলক নীতিৰ বিৰুদ্ধেই এই ৪৮ ঘণ্টীয়া জিলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি সংগঠনকেইটাই সদৰি কৰে।

Post a Comment

Previous Post Next Post