গোলাঘাটৰ মেৰাপানীত বিশ্ব পৰিৱেশ দিৱস উদযাপন: চিত্ৰাংকণ প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ পৰিৱেশ সজাগতা বাৰ্তা

গোলাঘাটৰ মেৰাপানীত বিশ্ব পৰিৱেশ দিৱস উদযাপন: চিত্ৰাংকণ প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ পৰিৱেশ সজাগতা বাৰ্তা
ফটোঃ নিজা প্ৰতিবেদক


ডিজিটেল, সংবাদ, মেৰাপানীঃ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে এক ব্যতিক্ৰমী পৰিৱেশ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্ৰীয় সঙ্গীত মহাবিদ্যালয় আৰু নৱৰস কলাকেন্দ্ৰৰ যুটীয়া উদ্যোগত এই সজাগতামূলক চিত্ৰাংকণ প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ মূল লক্ষ্য আছিল ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজৰ মাজত পৰিৱেশ সুৰক্ষা আৰু গছ-গছনি সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰা।


দৈয়াং অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই সজাগতামূলক চিত্ৰাংকণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখন মুঠ তিনিটা শাখাত বিভক্ত কৰা হৈছিল। প্ৰতিযোগীসকলে "প্লাষ্টিক-মুক্ত পৃথিৱী" আৰু "মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা" আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নিজৰ তুলিকাৰে আকৰ্ষণীয় ছবি অংকন কৰি পৰিৱেশ সংৰক্ষণৰ এক বলিষ্ঠ বাৰ্তা প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰয়াসে সমগ্ৰ দৈয়াং অঞ্চলত এক সজীৱ আৰু সচেতন পৰিৱেশৰ সৃষ্টি কৰে।

পৰিৱেশ সজাগতাৰ এই বিশেষ অনুষ্ঠানত সামাজিক বনানীকৰণ বিভাগৰ বন সংমণ্ডল প্ৰাধিকাৰী চয়ম্বিতা দত্ত, বনাঞ্চলিক বিষয়া ৰূপমজ্যোতি বৰুৱাৰ লগতে বিভাগীয় বিষয়াববীয়াসকল উপস্থিত থাকে। ইয়াৰ উপৰিও অনুষ্ঠানত বিশেষ অতিথি হিচাপে দৈয়াং চিনিয়ৰ চেকেণ্ডৰী বিদ্যালয়ৰ অধ্যক্ষ ড° বিদূৰ কুমাৰ বৰুৱা, প্ৰকৃতিপ্ৰেমী তথা শিক্ষাবিদ মৃদুল বৰা, সমাজসেৱক নিৰ্মল বৰা, গোলাঘাট জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰবীণ গগৈ, দৈয়াং কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ নৰেশ্বৰ বসুমতাৰী আৰু নৱৰস কলাকেন্দ্ৰৰ অধ্যক্ষ অংকুৰ ঠেঙাল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে।

অনুষ্ঠানৰ শেষৰ পৰ্য্যায়ত চিত্ৰাংকণ প্ৰতিযোগিতাৰ তিনিওটা শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা কৃতী প্ৰতিযোগীসকলক আনুষ্ঠানিকভাৱে মানপত্ৰ, ট্ৰফী আৰু গছপুলি প্ৰদান কৰা হয়। কেৱল প্ৰতিযোগীসকলক পুৰস্কৃত কৰাই নহয়, পৰিৱেশ ধুনীয়া কৰি ৰখাৰ সংকল্পৰে বন বিভাগৰ তৰফৰ পৰা উপস্থিত থকা স্থানীয় অলেখ ৰাইজৰ মাজতো বহুসংখ্যক মূল্যবান গছপুলি বিনামূলীয়াকৈ বিতৰণ কৰা হয়।


Post a Comment

Previous Post Next Post