![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বন্যপ্ৰাণীৰ সন্ত্ৰাস। ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ সমীপৱৰ্তী অগৰাতলি বামুন গাঁৱত এতিয়া এটা ঢেকীয়াপতীয়া বাঘৰ উপদ্ৰপে সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, অগৰাতলিত থকা বিশিষ্ট পৰিৱেশকৰ্মী গৌতম শইকীয়াৰ 'ধনশিৰি ইক' কেম্প' নামৰ পৰ্যটন নিৱাসটোত যোৱা নিশা বাঘটোৱে আক্ৰমণ চলায়। নিশাই ইক' কেম্পৰ গোহালীত সোমাই ঢেকীয়াপতীয়া বাঘটোৱে একেলগে ৭ জনীকৈ গাই গৰু নিধন কৰে। পুৱা এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোতে হুৱাদুৱা লাগে।
ঘটনাৰ সন্দৰ্ভত খবৰ পোৱাৰ পিছতে শনিবাৰে পুৱাৰে পৰা কাজিৰঙাৰ বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে। বন কৰ্মীসকলে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে আৰু বাঘটোৰ গতিবিধিৰ ওপৰত চকু ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।
উল্লেখ্য যে, অগৰাতলি অঞ্চলত বাঘৰ এই সন্ত্ৰাস নতুন নহয়। ইয়াৰ পূৰ্বে দুদিনপূৰ্বে নিশা অগৰাতলিত বাঘে স্থানীয় কৃষকৰ গৰু আৰু গাহৰি নিধন কৰিছিল। মাত্ৰ কেইটামান দিনৰ ব্যৱধানত বাৰে বাৰে ঘৰচীয়া পশুধনক বাঘে লক্ষ্য কৰি লোৱা কাৰ্যই স্থানীয় কৃষক আৰু বাসিন্দা তথা পৰ্যটন ব্যৱসায়ীসকলৰ নিৰাপত্তাক লৈ ডাঙৰ প্ৰশ্নচিহ্ন থিয় কৰাইছে।
বৰ্তমান স্থানীয় ৰাইজে বন বিভাগক বাঘটো খেদি পঠোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিয়াৰ বাবে দাবী জনাইছে।
