![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, সোণাৰিঃ চৰাইদেউ আৰক্ষীৰ বৃহৎ সাফল্য। চৰাইদেউ আৰক্ষীয়ে সোমবাৰে অভিযান চলাই নগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰে NSCN (Niki Sumi) গোটৰ এগৰাকী শীৰ্ষ নেতাক। অসম-নগালেণ্ড সীমান্ত অতিক্ৰমি চৰাইদেউ আৰক্ষীয়ে নগালেণ্ড আৰক্ষীৰ সহযোগত এক যুটীয়া অভিযান চলাই চৰাইদেউ জিলাত ধাৰাবাহিকভাৱে ধনদাবী চলাই অহা আলোচনা বিৰোধী বিদ্ৰোহী সংগঠন NSCN-ৰ 'Niki Sumi' গোটৰ এজন প্ৰভাৱশালী শীৰ্ষ নেতাক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত উগ্ৰপন্থী নেতাগৰাকীক NSCN (Niki Sumi) গোটৰ কেন্দ্ৰীয় 'বিত্ত আহ্বায়ক' থংগ' চিমন বুলি চিনাক্ত কৰা হৈছে। চৰাইদেউ জিলা আৰক্ষীৰ এক বিশেষ দলে নগালেণ্ডৰ মন টাউনত চলোৱা এক অতি গোপনীয় আৰু ক্ষিপ্ৰ অভিযানৰ অন্তত উগ্ৰপন্থী নেতাটোক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জালত পেলায়।
অভিযোগ অনুসৰি, ধৃত থংগ' চিমনে দীৰ্ঘদিন ধৰি চৰাইদেউ জিলা মিনি ট্ৰাক ড্ৰাইভাৰ আৰু মালিক সন্থাৰ ওপৰত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। সংগঠনটোৰ নাম লৈ চালক আৰু মালিকসকলক বাৰম্বাৰ ভাবুকি প্ৰদান কৰাৰ লগতে বুজন পৰিমাণৰ ধন দাবী কৰি আহিছিল। এই সন্দৰ্ভত ভুক্তভোগী সন্থাই আৰক্ষীৰ কাষ চাপিছিল।
নগালেণ্ডৰ পৰা আটক কৰাৰ পিছত ধৃত NSCN নেতা থংগ' চিমনক ইতিমধ্যে অসমলৈ লৈ অহা হৈছে। বৰ্তমান তেওঁক সোণাৰি আৰক্ষী থানাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাখি জিলাখনৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলে মাৰাথক জেৰা অব্যাহত ৰাখিছে। অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত এই গোটটোৰ সৈতে অসমৰ আন কোনো স্থানীয় লিংকিমেন বা সহযোগী জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে অনুসন্ধান চলাইছে। চৰাইদেউ আৰক্ষীৰ এই আন্তঃৰাজ্যিক সফলতাই সমগ্ৰ জিলাখনৰ ব্যৱসায়ী আৰু ট্ৰাক চালকসকলৰ মাজত স্বস্তিৰ পৰিৱেশ ঘূৰাই আনিছে।
