![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলা আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সফলতা। ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা তীব্ৰ অভিযানৰ মাজতে সোমবাৰে জিলাখনৰ ঝাগৰাৰপাৰ অঞ্চলত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। লগতে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।
প্ৰাপ্ত খবৰ অনুসৰি, ধুবুৰী আৰক্ষীৰ এটা দলে ঝাগৰাৰপাৰ অঞ্চলৰ নিবাসী নুৰ আলম হক নামৰ এজন ব্যক্তিৰ গৃহত অতৰ্কিতে অভিযান চলাই ১,০০০ টা নিচাজাতীয় টেবলেট আৰু ৮৫ টা নিষিদ্ধ কফ চিৰাপৰ বটল উদ্ধাৰ কৰে। ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে নুৰ আলম হকৰ লগতে তপন চন্দ্ৰ শীল নামৰ আন এজন সহযোগী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে।
আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী জব্দ কৰি দুই অভিযুক্তক ধুবুৰী থানালৈ লৈ আহে। বৰ্তমান ধুবুৰী আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সৈতে আৰু কোন কোন জড়িত আছে, সেই সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।
