ডিব্ৰুগড়ত আৰক্ষীৰ বৃহৎ ড্ৰাগছ বিৰোধী অভিযানঃ লাখ লাখ নগদ ধনসহ আটক কেইবাজনো

ডিব্ৰুগড়ত আৰক্ষীৰ বৃহৎ ড্ৰাগছ বিৰোধী অভিযানঃ লাখ লাখ নগদ ধনসহ আটক কেইবাজনো
ফটোঃনিজা সংবাদদাতা


ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়ে বৃহৎ অভিযান। চহৰখনৰ ৰেল ষ্টেচনৰ বিপৰীত দিশত থকা এটা আৱাসিক এলেকাত পৰা আৰক্ষীয়ে লাখ লাখ নগদ ধন জব্দ কৰাৰ লগতে সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দলক আটক কৰিবলৈ সক্ষম হয়।

খবৰ অনুসৰি ডিব্ৰুগড় আৰক্ষীৰ কেইবাটাও দলে একত্ৰিত হৈ উক্ত কলনীটোত অতৰ্কিতে আৱাসিক এলেকাটোৰ কেইবাটাও ঘৰ ঘেৰি ধৰি তীব্ৰ অভিযান আৰম্ভ কৰে। কেইবা ঘণ্টাযোৰা অভিযানত আৰক্ষীয়ে সন্দেহযুক্ত ঘৰবোৰৰ পৰা কেইবা লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰে। অৱশ্যে, উদ্ধাৰ কৰা প্ৰকৃত ধনৰ পৰিমাণ বৰ্তমানলৈকে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। লগতে আপত্তিজনক সামগ্ৰী বা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ হোৱাৰ সম্পৰ্কত তদন্তৰ খাতিৰত বৰ্তমানলৈকে সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই।

অভিযানৰ কালত ঘটনাৰ সৈতে জড়িত  থকাৰ সন্দেহত কেইবাজনো লোকক আটক কৰি নিজৰ জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে। বৰ্তমান তদন্ত প্ৰক্ৰিয়া চলি থকাৰ বাবে ধৃত লোকসকলৰ পৰিচয় আৰক্ষীয়ে গোপন ৰাখিছে। 


Post a Comment

Previous Post Next Post