![]() |
| ফটোঃ নিজা সংবাদ দাতা |
ডিজিটেল সংবাদ, দেৰগাঁওঃ গোলাঘাট জিলা সাংবাদিক সংস্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে দেৰগাঁৱৰ সাহিত্য সভা ভৱনত উলহ-মালহেৰে অনুষ্ঠিত হৈ যায়। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু কাৰ্যনিবাহক সভা আদি কেইবাটাও পৰম্পৰাগত কাৰ্যসূচীৰে এই অধিৱেশনৰ শুভাৰম্ভ কৰা হয়। অধিৱেশনৰ দিনটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।
প্ৰতিনিধি সভাৰ সফল সামৰণিৰ পিছত এক গাম্ভীৰ্যপূৰ্ণ মুকলি সভা অনুষ্ঠিত হয়। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাতে ৰাজ্যখনৰ প্ৰবীণ শিক্ষাবিদ, বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক তথা লেখক দীনেশ গগৈক তেখেতৰ অতুলনীয় অৱদানৰ বাবে সাংবাদিক সংস্থাৰ তৰফৰ পৰা সন্মানীয় ‘জীৱন জোৰা সাধনা বঁটা’ৰে বিভূষিত কৰা হয়।
ইয়াৰ উপৰিও সভাত উপস্থিত থকা কেইবাগৰাকীও বিশিষ্ট গণ্য-মান্য ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু চিত্ৰাংকন প্ৰতিযোগিতাত স্থান লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়।
অধিৱেশনৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভাত আগন্তুক কাৰ্যকালৰ বাবে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখনো গঠন কৰা হয়। সৰ্বসন্মতিক্ৰমে নতুন সমিতিখনিৰ সভাপতি হিচাপে নগেন বৰা, কাৰ্যকৰী সভাপতি হিচাপে দীপমণি খাটনিয়াৰ, সাধাৰণ সম্পাদক হিচাপে প্ৰণৱ চক্ৰৱৰ্তী আৰু সম্পাদক হিচাপে বিবেকানন্দ ৰাজখোৱাক নিৰ্বাচিত কৰা হয়। নতুন সমিতিখনে জিলাখনৰ সাংবাদিকতাৰ ভেটি অধিক মজবুত কৰিব বুলি উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে।
