চামগুৰিৰ শিৱস্থানত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ডঃ ভস্মীভূত ৫ খনকৈ দোকান, ৫০ লক্ষাধিক টকাৰ সম্পত্তি জাহ

চামগুৰিৰ শিৱস্থানত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ডঃ ভস্মীভূত ৫ খনকৈ দোকান, ৫০ লক্ষাধিক টকাৰ সম্পত্তি জাহ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ চামগুৰিৰ শিৱস্থানত মাজনিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত নিমিষতে শিৱস্থান বজাৰৰ পাঁচ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হৈ ছাৰখাৰ হৈ পৰে। প্ৰাৰম্ভিক অনুমান অনুসৰি, জুইত প্ৰায় ৫০ লাখ টকা মূল্যৰ সামগ্ৰী সম্পূৰ্ণৰূপে জাহ গৈছে। 

মাজনিশা হঠাত্‍ লাগি উঠা এই জুইৰ লেলিহান শিখাই পলকতে ভয়াৱহ ৰূপ ধাৰণ কৰে। ঘটনাটোক কেন্দ্ৰ কৰি দোকানসমূহৰ গৰাকী আৰু স্থানীয় ৰাইজৰ মাজত তীব্ৰ হুৱাদুৱা লাগে। ব্যৱসায়ীসকলে নিজৰ চকুৰ সমুখতে লক্ষ লক্ষ টকাৰ বয়-বস্তু জুইত ছাই হৈ যোৱা প্ৰত্যক্ষ কৰি কান্দোনত ভাগি পৰে। নিশা কি কাৰণত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল, তাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ইফালে, অগ্নিকাণ্ডৰ এই ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। দুৰ্ভাগ্যজনকভাৱে, অগ্নিকাণ্ডস্থলৰ নিচেই কাষতে থকা সোনাইবালীস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰক তত্কালীনভাৱে খবৰ দিয়া হৈছিল যদিও গাড়ী বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে। অগ্নি নিৰ্বাপক বাহিনীৰ এই লেহেমীয়া গতিৰ বাবেই জুই অধিক বিয়পি পৰে আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ বৃদ্ধি পায় বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

Post a Comment

Previous Post Next Post