গোলাঘাটৰ ৰঙাজানত আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী, উদ্ধাৰ ২৫.৮৫ গ্ৰাম হিৰোইন

গোলাঘাটৰ ৰঙাজানত আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী, উদ্ধাৰ ২৫.৮৫ গ্ৰাম হিৰোইন
ফটোঃ গোলাঘাট আৰক্ষী


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ ৰঙাজান তিনিআলিত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক। গোলাঘাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত বৃহৎ সফলতা লাভ কৰিছে। এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট থানাৰ অন্তৰ্গত ৰঙাজান তিনিআলিত আৰক্ষীৰ এটা দলে এক ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ হিৰোইন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা অনুসৰি, ৰঙাজান তিনিআলিত সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীৰ গতিবিধিৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছিল। অভিযানকালত আৰক্ষীৰ দলটোৱে এখন মটৰচাইকেল (বাইক) ৰখাই তালাচী চলায়। তালাচীৰ সময়ত বাইকখনত অহা দুজন সৰবৰাহকাৰীৰ জিম্মাৰ পৰা দুটা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে চাবোনৰ বাকচ দুটাৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত ২৫.৮৫ গ্ৰাম ওজনৰ নিষিদ্ধ হিৰোইন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা বাইকখনো জব্দ কৰিছে। বৰ্তমান ধৃত যুৱক দুজনক গোলাঘাট থানাত অধিক সোধা-পোছা অব্যাহত ৰখা হৈছে।

Post a Comment

Previous Post Next Post