জাগুনত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: নিষিদ্ধ ড্ৰাগছ, i10 বাহন আৰু স্কুটীসহ কুখ্যাত সৰবৰাহকাৰী মৃদুল চেতিয়া গ্ৰেপ্তাৰ

জাগুনত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: নিষিদ্ধ ড্ৰাগছ, i10 বাহন আৰু স্কুটীসহ কুখ্যাত সৰবৰাহকাৰী মৃদুল চেতিয়া গ্ৰেপ্তাৰ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, জাগুনঃ তিনিচুকীয়া জিলাৰ জাগুনত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে। এক বিশেষ গোপন সূত্ৰৰ আধাৰত লেখাপানী আৰু জাগুন আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা এক অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, জাগুনৰ সোণালী জনজাতি দেউৰী গাঁৱৰ নিবাসী মৃদুল চেতিয়া (৩৬) নামৰ লোকজনৰ ঘৰত আৰক্ষীৰ দলটোৱে এই আকস্মিক অভিযান চলাইছিল। অভিযানকালত ঘৰৰ ভিতৰৰ পৰা প্ৰায় ২৭.০৫ গ্ৰাম ওজনৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হয়। ইয়াৰ উপৰিও ড্ৰাগছ সৰবৰাহৰ কামত ব্যৱহৃত এখন হুণ্ডাই i10 বাহন আৰু এখন স্কুটীও আৰক্ষীয়ে জব্দ কৰে।

জানিব পৰা অনুসৰি, ধৃত মৃদুল চেতিয়া এজন পুৰণি অপৰাধী। ইয়াৰ পূৰ্বেও নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত তেওঁ দুবাৰকৈ কাৰাগাৰলৈ যাবলগীয়া হৈছিল। জেলৰ পৰা ওলাই আহিও তেওঁ পুনৰ এই ক’লা ব্যৱসায় আৰম্ভ কৰিছিল। বৰ্তমান ধৃত লোকজনক লেখাপানী আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি এই চক্ৰটোৰ সৈতে জড়িত আন লোকৰ সন্ধান উলিয়াবলৈ অধিক সোধা-পোছা অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post