![]() |
| ফটোঃ নিজা সংবাদ দাতা |
ডিজিটেল সংবাদ, খুমটাইঃ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰিত এটা জৰাজীৰ্ণ পথে এতিয়া জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক। বছৰ বছৰ ধৰি কোনো মেৰামতি নকৰাৰ ফলত পথছোৱাৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। এজাক বৰষুণ দিলেই পথছোৱাত অধিক বোকাময় তথা পথাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়।
বিশেষকৈ খুমটাই সমষ্টিৰ অন্তৰ্গত "কেন্দুগুৰীৰ পৰা যাঠিপতীয়া এল পি স্কুল" সংযোগী মূল পথটোৰ এই জৰাজীৰ্ণ অৱস্থাই এতিয়া চৰম দুৰ্ভোগ কঢ়িয়াই আনিছে। দৈনিক কাম-কাজলৈ অহাজোৱা কৰা লোকসকলৰ লগতে আটাইতকৈ বেছি সমস্যাৰ সম্মুখীন হৈছে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। বৰষুণ দিলেই পথটো বোকাৰে লুতুৰি-পুতুৰি হৈ পথাৰ সদৃশ হৈ পৰে। যাৰ বাবে বহু সময়ত ছাত্ৰ-ছাত্ৰীসকলে জোতা-মোজা হাতত লৈ যাবলগীয়া হয় আৰু বহু ক্ষেত্ৰত স্কুললৈ যাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হয়।
দীৰ্ঘদিন ধৰি এই সমস্যাক লৈ ক্ষোভিত হৈ থকা স্থানীয় বাসিন্দাসকলে এতিয়া জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰিছে। অতি শীঘ্ৰে এই যাতায়তৰ নৰক যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ আৰু পথছোৱা পকীকৰণ কৰি দিবলৈ স্থানীয় খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী ৰাইজে।
