![]() |
| ফটোঃ নিজা সংবাদ দাতা |
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ মেৰাপানীত এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মেৰাপানীৰ ১ নং আদৰ্শ গাঁৱৰ গাঁওপ্ৰধান যোগেন বৰাৰ ঘৰৰ পিছফালৰ বাঁহনিত বুধবাৰে বাঘটোৰ মৃতদেহ প্ৰত্যক্ষ কৰা হয়।
প্ৰাপ্ত তথ্য মতে, গাঁওপ্ৰধান যোগেন বৰাৰ ঘৰৰ বাঁহনিৰ পিছফালে কাম কৰি থকা অৱস্থাত এজন বনকৰা লোকে প্ৰথমে এই প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘটো নিস্প্ৰাণ হৈ পৰি থকা প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে তেওঁ স্থানীয় ৰাইজক অৱগত কৰাত ঘটনাস্থলীত বহু লোকৰ সমাৱেশ ঘটে। স্থানীয় লোকে লগে লগে এই সন্দৰ্ভত বন বিভাগক খবৰ দিয়ে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালভাৱে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মেৰাপানী আৰক্ষী আৰু স্থানীয় পশু চিকিৎসা বিভাগকো আনুষ্ঠানিকভাৱে অৱগত কৰা হৈছে। বন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, বাঘটোৰ মৃত্যু কেনেকৈ হ’ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে নাহৰফুটুকী বাঘটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
