![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, খুমটাইঃ আজি বিশ্বজুৰি উদযাপন কৰা হৈছে বিশ্ব চাইকেল দিৱস। ইয়াৰ মাজতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এক অনন্য কাৰ্যসূচীৰে পালন কৰিলে এই বিশেষ দিৱসটো। শ শ সতীৰ্থক লৈ পুৱাই ৰাজপথত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই চাইকেল ৰেলীৰে উদযাপন কৰিলে বিশ্ব চাইকেল দিৱস।
পৰিৱেশ সুৰক্ষা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল চলোৱাৰ প্ৰৱণতা বৃদ্ধি কৰাৰ লক্ষ্যৰে বিধায়কগৰাকীয়ে আজি পুৱাই এক বিশাল চাইকেল ৰেলী উলিয়ায়। খুমটাইৰ যোগীবাৰীৰ পৰা আৰম্ভ হোৱা এই ৰেলীত বিধায়ক মৃণাল শইকীয়াৰ সৈতে সংগ দিয়ে এজাক শিশু, যুৱক-যুৱতী তথা অঞ্চলটোৰ কেইবাগৰাকীও বয়োজ্যেষ্ঠ লোকে। হাতত চাইকেল লৈ শ শ লোকৰ এই অভূতপূৰ্ব সমাৱেশে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
উল্লেখ্য যে, খুমটাই সমষ্টিত চাইকেল চলোৱাৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে বিধায়ক মৃণাল শইকীয়াই দীৰ্ঘদিনৰে পৰা বিশেষ প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁৰ এই নিৰন্তৰ প্ৰচেষ্টাৰ ফলতেই ইতিমধ্যেই খুমটাইবাসীৰ মাজত চাইকেলৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কেৱল এটা দিনৰ বাবেই নহয়, বৰঞ্চ দৈনিক জীৱনতো ইয়াৰ অভ্যাস গঢ়িবলৈ তেওঁ সদায় স্থানীয় ৰাইজক অনুপ্ৰাণিত কৰি আহিছে।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশ্ব চাইকেল দিৱসৰ দিনটোত বিধায়ক মৃণাল শইকীয়াই বিশ্ববাসী তথা অসমৰ জনসাধাৰণলৈ এক বিশেষ আহ্বান জনায়। তেওঁ কয় যে শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ উপৰিও প্ৰদূষণমুক্ত ধৰিত্ৰী গঢ়াৰ ক্ষেত্ৰত চাইকেলে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। সেয়েহে প্ৰতিগৰাকী নাগৰিকে নিজৰ দৈনন্দিন জীৱনত অতি কমেও কম দূৰত্ব ভ্ৰমণৰ বাবে ইন্ধনচালিত বাহনৰ পৰিৱৰ্তে চাইকেল ব্যৱহাৰ কৰা উচিত।
