চিএম আঁচনিৰ ধনৰ শৰাধ: নিৰ্মাণৰ তিনিমাহতে খঁহি পৰিল পথ, সৃষ্টি হ’ল সুৰংগ সদৃশ প্ৰকাণ্ড গাঁত

চিএম আঁচনিৰ ধনৰ শৰাধ: নিৰ্মাণৰ তিনিমাহতে খঁহি পৰিল পথ, সৃষ্টি হ’ল সুৰংগ সদৃশ প্ৰকাণ্ড গাঁত
ফটোঃ  নিজা সংবাদ দাতা


ডিজিটেল সংবাদ, নগাঁওঃ মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ নামত ব্যাপক অনিয়ম আৰু চৰকাৰী ধনৰ অপচয়ৰ এক ভয়াবহ ছবি পোহৰলৈ আহিছে নগাঁৱত। নগাঁও লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ কৰা এটা গুৰুত্বপূৰ্ণ পকী পথৰ নৱীকৰণ কাৰ্য সম্পন্ন হোৱাৰ তিনিমাহ নৌহওঁতেই পথৰ মাজত সৃষ্টি হৈছে এক সুৰংগ সদৃশ প্ৰকাণ্ড গাঁতৰ। এই ঘটনাই এতিয়া বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ গোপন বুজাবুজিক উদঙাই দেখুৱাইছে।

প্ৰাপ্ত তথ্য অনুসৰি, নগাঁৱৰ পুৰণিগুদামৰ ডিফলু আৰু বৰমা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটোৰ কঢ়ালী গাঁৱৰ পৰা হালোৱা গাৱলৈ ২.৬৫৯ কিলোমিটাৰ পথছোৱা মেৰামতিৰ বাবে চৰকাৰে ‘মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনি’ৰ অধীনত ৬৮ লাখৰো অধিক টকা আৱণ্টন দিছিল। এই নিৰ্মাণ কাৰ্যৰ দায়িত্ব লাভ কৰিছিল M/S PREMDHAN CONSTRUCTION CO. নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। 

অভিযোগ উঠিছে যে প্ৰতিষ্ঠানটোৱে চৰকাৰী পুঁজি আত্মসাৎৰ উদ্দেশ্যে অত্যন্ত খৰখেদাকৈ আৰু নিম্ন মানদণ্ডৰে পথটোৰ কাম সামৰিছিল। পুনৰ মেৰামতিৰ নামত কৰা এই পালমৰা কামৰ পৰিণতিত হালোৱা গাঁৱৰ অংশত পথটোৰ মাজমজিয়াত হঠাতে এক প্ৰকাণ্ড সাত-আঠ ফুট দৈৰ্ঘ্যৰ সুৰংগ সদৃশ গাঁতৰ সৃষ্টি হৈছে। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। পথটোৰে চলাচল কৰা যাত্ৰী আৰু স্থানীয় ৰাইজ এতিয়া চৰম আহুকালৰ সন্মুখীন হৈছে। যিকোনো মুহূৰ্ততে ইয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ তীব্ৰ সম্ভাৱনাই দেখা দিছে।

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আৰু বিষয়া বৰ্গৰ সৈতে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে গোপন বুজাবুজি কৰি আঁচনিৰ ধনৰ শৰাধ কৰিছে। কেৱল সেয়াই নহয়, পথটো ঠাই বিশেষে নিয়ম অনুসৰি যিমান আহল-বহল হ’ব লাগিছিল, তাতকৈ বহু কমকৈ নিৰ্মাণ কৰাৰ তথ্যও পোহৰলৈ আহিছে। 

বিভাগীয় উদাসীনতাৰ বাবে ক্ষুব্ধ হৈ পৰা স্থানীয় ৰাইজে অৱশেষত নিজাববীয়াকৈ দুৰ্ঘটনা প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে। যাত্ৰীসকলক সতৰ্ক কৰিবলৈ ৰাইজে পথৰ সেই প্ৰকাণ্ড সুৰংগটোৰ চাৰিওফালে বাঁহৰ খুঁটা পুতি থৈছে। ৰাইজে এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জিলা প্ৰশাসনক এই সমগ্ৰ কেলেংকাৰীৰ এক উচ্চস্তৰীয় তদন্ত কৰিবলৈ আৰু দোষী ঠিকাদাৰ তথা বিষয়াৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।a

Post a Comment

Previous Post Next Post