"গোলাঘাটত ইতিহাস জীৱন্ত! প্ৰদৰ্শিত হ’ল ছপা কৰা প্ৰথমখন ‘কীৰ্তন পুথি’।"

 

"গোলাঘাটত ইতিহাস জীৱন্ত! প্ৰদৰ্শিত হ’ল ছপা কৰা প্ৰথমখন ‘কীৰ্তন পুথি’।"
ফটোঃ নিজা সংবাদদাতা

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত আপুৰুগীয়া পুৰণি গ্ৰন্থৰ প্ৰদৰ্শনী। গোলাঘাটৰ অন্যতম জাকত জিলিকা বৌদ্ধিক আৰু সাংস্কৃতিক অনুষ্ঠান 'গোলাঘাট কলা বিথিকা আৰু চাৰুকলা বিদ্যালয়' প্ৰাংগণত দেওবাৰে পুৰণি গ্ৰন্থৰ এক ব্যতিক্ৰমী প্ৰদৰ্শনী আৰু আলোচনা সভা সম্পন্ন হৈ যায়। বিশিষ্ট নৃত্য কলাবিদ প্ৰয়াত প্ৰদীপ চলিহাৰ আত্মাসদৃশ "অজন্তা কলা মণ্ডল"ৰ সমীপৱৰ্তী এই কলা অনুষ্ঠানটিত 'পৰাগ প্ৰতীম গ্ৰন্থ যাত্ৰা'ৰ উদ্যোগত আৰু চাৰুকলা বিদ্যালয়ৰ সহযোগত এই আপুৰুগীয়া গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।

কুৰিৰ পৰা পঞ্চাশ দশকৰ গ্ৰন্থৰ মেলা:স্বাধীনতাৰ পৰৱৰ্তী কালচোৱাত গোলাঘাটত গ্ৰন্থ প্ৰকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়াই অহা পূৰ্ণ চন্দ্ৰ গোস্বামীৰ সপোনৰ ঘৰ "পুথি তীৰ্থ প্ৰকাশন" অৰ্থাৎ "যদুমণি ছপাখনা আৰু গ্ৰন্থ বিক্ৰেতা প্ৰতিষ্ঠান"ৰ কাণ্ডাৰী ক্ষীৰোদ কুমাৰ গোস্বামীয়ে অতি সযতনে সংৰক্ষণ কৰি ৰখা কুৰি দশকৰ পৰা পঞ্চাশ দশকৰ বহুতো দুষ্প্ৰাপ্য গ্ৰন্থ এই প্ৰদৰ্শনীত স্থান দিয়া হয়। ইয়াৰ ভিতৰত আটাইতকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল প্ৰথমখন ছপা অমূল্য 'কীৰ্তন পুথি'।

প্ৰদৰ্শনীৰ সংগতি ৰাখি বিয়লি বেলা অসমৰ চুকে-কোণে সুপৰিচিত বেটুপাত শিল্পী মনজিৎ ৰাজখোৱাই আঁত ধৰা "কিতাপ আৰু কথা" শীৰ্ষক এক মনোজ্ঞ আলোচনা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জগন্নাথ বৰুৱা  মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক চেলিম আলি আহমেদ। তেওঁ ক্ষীৰোদ কুমাৰ গোস্বামীক কিতাপ আৰু ছপাযন্ত্ৰৰ ক্ৰমবিকাশ সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন উত্থাপনেৰে অনুষ্ঠানটি জীপাল আৰু তথ্যসমৃদ্ধ কৰি তোলে।

সভাত নিজৰ সুদীৰ্ঘ অভিজ্ঞতাৰ বৰ্ণনা কৰি ক্ষীৰোদ কুমাৰ গোস্বামীয়ে 'দৈনিক অসম' বাতৰি কাকতৰ জন্মলগ্নৰ ইতিহাস দাঙি ধৰাৰ লগতে ছপা যন্ত্ৰৰ সৈতে জড়িত নানান ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। কলা বিথিকাৰ মূল কাণ্ডাৰী ভৱ কান্ত শইকীয়া আৰু মনজিৎ ৰাজখোৱাৰ যৌথ প্ৰচেষ্টাত আয়োজিত এই বিশেষ বৌদ্ধিক অনুষ্ঠানে গোলাঘাটৰ ইতিহাস প্ৰেমী আৰু গ্ৰন্থ অনুৰাগীসকলক আপ্লুত কৰে। 

সভাত উপস্থিত গণ্য-মান্য ব্যক্তিসকলে আয়োজক মণ্ডলীৰ এই প্ৰশংসনীয় পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

Post a Comment

Previous Post Next Post