৪ কোটিৰ কেলেংকাৰী! সভা এৰি পলায়ন সম্পাদকৰ! নুমলীগড়ত টেংকাৰ চালক সন্থাৰ সভাত উত্তপ্ত পৰিস্থিতি!

টেংকাৰ চালক সন্থাৰ সভাত উত্তপ্ত পৰিস্থিতি!
ফটোঃ নিজা সংবাদ দাতা


ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় শোধনাগাৰ টেংকাৰ আৰু ট্ৰাক চালক সন্থাৰ সাধাৰণ সভাত সোমবাৰে বিয়লি এক অভূতপূৰ্ব উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। সন্থাৰ বিষয়ববীয়াৰ বিৰুদ্ধে কোটি কোটি টকাৰ বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাক কেন্দ্ৰ কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আনকি পৰিস্থিতি চম্ভালিব নোৱাৰি সন্থাৰ সম্পাদকে সভা এৰি পলায়ন কৰিবলৈ বাধ্য হয় বুলি জনা যায়।

প্ৰাপ্ত তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি সংগঠনটোৰ নামত সাধাৰণ চালকসকলৰ পৰা বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰা হৈছিল। আজিৰ সাধাৰণ সভাত সেই ধনৰ লেনদেনৰ হিচাপ দাখিল কৰাৰ সময়তে ব্যাপক খেলিমেলি ধৰা পৰে। সাধাৰণ চালকসকলে অভিযোগ কৰা মতে, উপহাৰ কুপন খেল আয়োজন কৰি প্ৰায় ৪ কোটি টকা লুণ্ঠন আৰু আত্মসাৎ কৰা হৈছে।

উত্তপ্ত চালকসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, জিলা প্ৰশাসনৰ কোনো বৈধ অনুমতি নোলোৱাকৈয়ে এই উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছিল। 

আজিৰ সভাত চালকসকলে যেতিয়াই এই কেইবা কোটি টকীয়া বিত্তীয় অনিয়মৰ জবাবদিহি কৰে। ক্ষুব্ধ চালকসকলে সমগ্ৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।

Post a Comment

Previous Post Next Post