ভ্ৰাম্যমাণৰ ড্ৰপ স্ক্ৰিন

ভ্ৰাম্যমাণৰ ড্ৰপ স্ক্ৰিন
Photo: Internet

 

ভ্ৰাম্যমাণৰ ড্ৰপ স্ক্ৰিন


✍🏻ৰূপজ্যোতি ফুকন 


জীৱন মানেই নাটঘৰ

জীৱনেই নাটক নাট্যকাৰ অভিনয় অভিনেতা সকলো

আঁৰ কাপোৰৰ আঁৰত একোটা চৰিত্ৰ

যুধিষ্ঠিৰ, দুৰ্যোধন,নিৰু, হিটলাৰ আদি,

আঁৰ কাপোৰ সুকীয়া সত্ত্বাৰ

পিছে বেক স্ক্ৰিন ক'লা

আমি অভিনয় কৰি অহা নাট্যশালাৰ

চৰিত্ৰ কিছুৰ সন্মুখৰ স্ক্ৰিন সুৰীয়া

বেক স্ক্ৰিন সাইলাখ ক'লা

এলান্ধুকলিয়া,

শিবিৰে শিবিৰে আখৰা

খেনোক দেখি ৰন্ধা-বঢ়া খেনোক দেখি দোৱাৰ বন্ধা,

হয়

এনেকৈ নাটঘৰৰ নাট আখৰা

চলি আহিছে

উঠা-নমা হৈ আছে

ভ্ৰাম্যমাণৰ ড্ৰপ স্ক্ৰিন।

1 Comments

Previous Post Next Post